Surprise Me!

বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ

2026-06-12 1 Dailymotion

বিশ্বনাথ : শুকুৰবাৰে বিশ্বনাথ জিলাত জিলাখনৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় ৷ জিলাখনত চলি থকা ভিন্ন আঁচনিৰ সন্দৰ্ভত চৰকাৰী বিভাগসমূহৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকী মিলিত হয়। বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ক্ষীপ্ৰতাৰে সম্ভাৱ্য বান পৰিস্থিতি মোকাবিলা কৰি তাৎক্ষণিকভাৱে জনসাধাৰণক সকাহ দিব পৰাকৈ ল’বলগীয়া দূৰ্যোগ ব‍্যৱস্থাপনাৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰি মন্ত্ৰী পেগুৱে জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

বিশেষকৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জলসম্পদ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, কৃষি, স্বাস্থ‍্য, শিক্ষা, লোকনিৰ্মাণ আদি বিভাগৰ বিষয়াসকলৰ লগত পৰ্যালোচনা কৰে । বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লবলোচন দাস, উৎপল বৰা, মুনীন্দ্ৰ দাস জিলা প্ৰশাসনৰ বিষয়ববীয়া উপস্থিত আছিল ৷

লগতে পঢ়ক:সত্ৰত যদি বেদখল থাকে তেন্তে নিশ্চিতভাৱে উচ্ছেদ চলিব: ৰণজিৎ কুমাৰ দাস