Surprise Me!

চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ

2026-06-06 24 Dailymotion

ডিব্ৰুগড়: চৰাইদেউ জিলাৰ কানু চাহ বাগিছা‌ৰ কামাণ্ডো শিৱিৰত অঘটন। কামাণ্ডো শিৱিৰৰ শোৱনি কোঠাত উদ্ধাৰ হৈছে এজন কামাণ্ড' জোৱানৰ মৃতদেহ । নিহত কামাণ্ড'জন সৰভোগৰ সনাতন দাস বুলি জানিব পৰা গৈছে ।‌ ঘটনাৰ বিৱৰণি অনুসৰি, জোৱানজনে সতীৰ্থৰ ৰাইফলৰে মূৰত গুলীয়াই আত্মহনন কৰে ৷

ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । সমগ্ৰ ঘটনাক লৈ মৃত সনাতন দাসৰ সতীৰ্থই কামাণ্ড' বিষয়াই কয়, "সনাতন দাসে পুৱা উঠি চাহ খাইছিল । তেওঁ আনৰ সৈতে বেছি কথা নাপাতে, ডিউটি নাথাকিলে বেছি সময় শুই থাকে তেওঁ । আমি সকলো কামত ব্যস্ত থকা সময়ত এটা গুলীৰ শব্দ শুনিলো । পৰৱৰ্তী সময়ত আমি দেখিলো তেওঁ মৃত অৱস্থাত আছে ৷ তেওঁৰ ওচৰত বন্দুক নাছিল যদিও বেলেগ এজনৰ ৰাইফলৰে নিজক গুলী কৰে ৷ কি কাৰণে আত্মহত্যা কৰিছে সেই কথা আমি গম পোৱা নাই।"

লগতে পঢ়ক: গুৰুজনাৰ হাতৰ আখৰবোৰ চাবলৈ মন যায় নেকি ? বৰপেটাৰ শ্ৰীশ্ৰীশংকৰদেৱ থান সত্ৰলৈ আহক