মৰিগাঁও : লাহৰীঘাটৰ চেনিমাৰীত চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা লম্পট যুৱক ৷ অসৎ কাৰ্য কৰিব নোৱাৰি লম্পট যুৱকে ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাবে আহত হৈছে ছাত্ৰীগৰাকী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা কলেজলৈ যাবলৈ ছাত্ৰীগৰাকীয়ে গা-ধুই আছিল ৷ তেনেতে ছাত্ৰীগৰাকীৰে অপকৰ্মৰ চেষ্টা কৰে লম্পট ওৱাহিদুল ইছলাম নামৰ যুৱকজনে ৷
ছাত্ৰীগৰাকীয়ে বাধা প্ৰদান কৰাত লম্পট যুৱক ওৱাহিদুল ইছলামে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছাত্ৰীগৰাকীক ৷ এই ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট যুৱক ওৱাহিদুল ইছলাম । আহত ছাত্ৰীগৰাকীক বৰ্তমান সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্যই কয়,"কলেজলৈ যাবলৈ গা-ধুই থাকোতে ছাত্ৰীগৰাকীক পাছফালৰ পৰা ধৰে লম্পট ওৱাহিদুলে ৷ তেনেতে ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ছাত্ৰীগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে ওৱাহিদুলে ৷"
লগতে পঢ়ক:‘লিচু উৎসৱ-২০২৬', ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু