ধুবুৰী : ‘‘ধুবুৰীত স্বাস্থ্যখণ্ডৰ যথেষ্ট উন্নয়ন হৈছে । ধুবুৰীৰ মেডিকেল কলেজ হাস্পতালত এতিয়ালৈকে ৩৬ টা ছাৰ্জাৰী কৰা হৈছে ৷ ইয়াৰে ৩৬টাই সফল হৈছে । অহা বছৰ ধুবুৰী মেডিকেল কলেজৰ পৰা MBBS ৰ বেটছ ওলাব ৷’’ শুকুৰবাৰে ধুবুৰীৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি এই মন্তব্য কৰে জিলাখনৰ অভিভাৱক তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৷
লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হৈ চলিত কাৰ্যপ্ৰণালীৰ এক বিশদ পৰ্যালোচনা কৰে । লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগীসকলৰ সৈতেও মত বিনিময় কৰি উপলব্ধ সুবিধা আৰু সেৱাসমূহৰ বুজ লয় । লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আন্তঃগাঁথনিকে ধৰি ৰোগীকেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বিষয়ত বিশেষভাৱে আলোচনা কৰে ।
উল্লেখ্য যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছত ধুবুৰীলৈ এয়া তেওঁৰ প্ৰথম ভ্ৰমণ । শুকুৰবাৰে চিকিৎসালয় পৰিদৰ্শনৰ সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে অশ্বিনী ৰায় সৰকাৰে ৷
আনহাতে, ধুবুৰীৰ তামাৰহাটত সৰ্প দংশনত খাদিজা পাৰবিন নামৰ ছাত্ৰীৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘তামাৰহাটৰ ঘটনাটো মোৰ দৃষ্টিগোচৰ হৈছে । কি কাৰণত মৃত্যু হৈছে সেয়া তদন্ত কৰিবলৈ দিয়া হৈছে । তদন্তৰ পাছতহে ক'ব পৰা যাব ।’’
লগতে পঢ়ক : প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল