Surprise Me!

ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

2026-06-13 3 Dailymotion

সোণাপুৰ: কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ ক্ষেত্ৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত দিনক দিনে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি হৈ আহিছে ৷ খাদ্য আৰু বাসস্থানৰ সন্ধানত বিগত কিছুদিন ধৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে সমগ্ৰ অঞ্চলটোতে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ।

অন্য দিনবোৰৰ দৰে শুকুৰবাৰে নিশাও অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ নিশা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ক্ষেত্ৰীৰ নোৱাগাঁৱত প্ৰৱেশ কৰে আৰু স্থানীয় বাসিন্দা কমল বসুমতাৰী নামৰ লোকজনৰ বাসগৃহত আক্ৰমণ কৰে ৷ ফলত কথমপি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰে ৷

পৰিয়ালটোৰ ভুক্তভোগী মহিলাগৰাকীয়ে কয়, ‘‘আমি নিশা শুই থকা অৱস্থাতে হাতী আহে আৰু আমাৰ ঘৰটোত আক্ৰমণ কৰে ৷ ফলত ঘৰৰ বেৰৰ আৰু কিছু বস্তু অনিষ্ট হয় ৷ চকুৰ সমুখতে হাতী দেখি আমি বহু ভয় খালো ৷ দিন ভাল আছিল, যাৰ বাবে আমাৰ কাৰো একো নহ’ল ৷’’

এই ঘটনাৰ পাছতে সমগ্ৰ নোৱাগাঁও অঞ্চলৰ লগতে সমীপৱৰ্তী গাঁওসমূহৰ ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাৰ ওপৰতো স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ৰাজপথৰ দাঁতিত বন্যহস্তীৰ বিচৰণত আতংকিত গঞা

লগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা