জোনাই: জোনাইৰ ডেকাপাম আনু গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাৰ অপচেষ্টাৰ ঘটনা । দুই পুত্ৰ আৰু বোৱাৰীয়ে মিলি জন্মদাত্ৰী মাতৃক দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
জানিব পৰা মতে, সোমবাৰে পুৱা ভুক্তভোগী মহিলাগৰাকীয়ে বোৱাৰীয়েকক শোৱনিকোঠাৰ পৰা জগাবলৈ চেষ্টা কৰাত দুয়োৰে মাজত সামান্য তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । তাৰপিছতে বোৱাৰীয়েকে বিভিন্ন অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে নিজ শাহুৱেকক । পৰৱৰ্তী সময়ত এখন চোকা দাৰে শাহুৱেকৰ শৰীৰৰ বিভিন্ন অংশ আৰু মূৰত ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।
ইফালে এই ঘটনাত দুই পুত্ৰ ক্ৰমে সত্য পেগু আৰু অৰূপ পেগুৱে মাতৃক ৰক্ষা কৰাৰ সলনি বোৱাৰীয়েকৰ পক্ষ লৈ নিজ জন্মদাত্ৰীৰ ওপৰত আক্ৰমণ চলাবলৈ উদ্যত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে তেওঁৰ আত্মীয়ই ।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিলাপথাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ভুক্তভোগী মহিলাগৰাকীৰ আত্মীয়ই ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে অভিযুক্ত দুই পুত্ৰ আৰু বোৱাৰীয়েকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবীত চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক: ৫ মিনিটতে ভংগ হ'ল বাইক কিনাৰ সপোন; মঙলদৈত সংঘটিত চাঞ্চল্যকৰ ঘটনা