ধুবুৰী: অগপৰ কাৰ্যালয়ত ওলমিল তলা । এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে একাংশ অগপ কৰ্মী । ধুবুৰী জিলা অগপ কাৰ্যালয়ৰ লগতে কাৰ্যালয়টোৰ গে'টত সোমবাৰে তলা লগোৱাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ধুবুৰী বিধানসভা সমষ্টিৰ অগপৰ দুই কমিটীক লৈ চলিছে দীৰ্ঘদিনীয়া সংঘাত । উল্লেখ্য যে ধুবুৰী জিলা অগপৰ অধীনত দুখনকৈ ধুবুৰী বিধান পৰিষদৰ কমিটী থকাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত হয় । আচলতে প্ৰতিখন জিলা কমিটীতে এখনকৈ বিধান পৰিষদৰ কমিটী থাকে। ধুবুৰী বিধান সভা সমষ্টিতে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে । ধুবুৰী বিধান সভা সমষ্টিত অগপৰ বিধান পৰিষদৰ দুখন কমিটী আছে ।
বুৰী বিধান পৰিষদৰ সভাপতি ৰণেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু সম্পাদক হাৰুণ ইছলামৰ কমিটীখনক অবৈধ কমিটী বুলি আখ্যা দিয়ে ধুবুৰী বিধান পৰিষদৰ পুৰণি কমিটীৰ সভাপতি দিলীপ সৰকাৰ আৰু সম্পাদকদ্বয় দীপ নাৰায়ণ কলিতা আৰু নুৰে ছিবলীয়ে ।
আনহাতে আজি ধুবুৰী বিধান পৰিষদৰ সম্পাদক হাৰুণ ইছলামে জিলা অগপ কাৰ্যালয়ৰ দুৱাৰত আৰু গে'টত তলা লগাই দিয়া কাৰ্যত ক্ষুণ্ণ হৈ জিলা অগপকে ধৰি অসম যুৱ পৰিষদৰ একাংশ কৰ্ম-কৰ্তাই প্ৰশ্ন কৰে যে অগপৰ জিলা কাৰ্যালয়ত তলা লগাই দিয়াৰ অনুমতি হাৰুণ ইছলামক কোনে দিলে ? অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই এই ক্ষেত্ৰত দৃঢ় স্থিতি লোৱাৰ বাবে তেওঁলোকে আহ্বান জনাইছে ।
লগতে পঢ়ক: অসম-নাগালেণ্ড সীমা সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত ৰাইজমেল