সোণাপুৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । এইবাৰ মহানগৰীৰ সোণাপুৰৰ ডিগাৰুত আৰক্ষীয়ে চলালে এক অভিযান ।
এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক ক’ডিন ছিৰাপ জব্দ কৰাৰ লগতে এই কাণ্ডৰ সৈতে জড়িত ৬ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য মতে, অভিযুক্ত সৰবৰাহকাৰীকেইটাই ৰে’লযোগে আহি ডিগাৰু ৰে’লৱে ষ্টেচনত নামিছিল । তাৰ পাছত সৰবৰাহকাৰীকেইটাই ডিগাৰুৰ পৰা সোণাপুৰ অভিমুখে যাবলৈ লওঁতেই স্থানীয় ৰাইজে এই বিষয়ে সোণাপুৰ আৰক্ষীক খবৰ দিয়ে । ৰাইজৰ খবৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ সন্দেহযুক্ত লোক কেইজনক কৰায়ত্ত কৰে ।
আৰক্ষী বিষয়া মনোজ বৰুৱাই উল্লেখ কৰা মতে, ‘‘তালাচীৰ সময়ত এটা ক’লা ৰঙৰ বেগৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত মুঠ ১৯৮ টা সন্দেহজনক ক'ডিন ছিৰাপৰ বটল জব্দ কৰা হয় ।
লগতে ৬ সৰবৰাহকাৰীক আটক কৰা হয় ৷ আটকাধীন আটাইকেইজনৰে ঘৰ নগাঁও জিলাৰ ৰহাৰ দিঘলীআটি গাঁৱত বুলি চিনাক্ত কৰা হৈছে । ধৃত কেইজন ক্ৰমে ছাদ্দাম হুছেইন (৩১), দিলদাৰ আলী (২৯), আইজুল হুছেইন (২৮), আনোৱাৰ হুছেইন (৩৮), মঈনুল ইছলাম (৩৫), ৱাহিদুল আলী (১৮) ৷’’
তেওঁ আৰু কয়, ‘‘এই বৃহৎ নেটৰ্ৱকটোৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সোণাপুৰ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।’’
লগতে পঢ়ক : ড্ৰাগছ সেৱনকাৰীক কবৰস্থ কৰিব নিদিয়ে নগাঁৱৰ এখন মছজিদ কমিটীয়ে