Surprise Me!

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী

2026-07-05 4 Dailymotion

নগাঁও: ড্ৰাগছৰ সৰবৰাহৰ ঘাটিত পৰিণত হোৱা নগাঁৱত আৰক্ষীয়ে নিচা বিৰোধী অভিযান অব্যাহত ৰাখিছে । নগাঁও আৰক্ষীৰ অভিযানত পুনৰ ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী জালত পৰিছে । শনিবাৰে নগাঁও আৰক্ষীয়ে জিলাখনৰ হয়বৰগাঁৱৰ খুটকটীয়া অঞ্চলত বৃহৎ পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত মহিলাগৰাকীয়ে চাপৰমুখৰ পৰা এখন টেম্প'ৰে নগাঁও অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলায় বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে । নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ উপ-পৰিদৰ্শক আৰু আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত আটকাধীন মহিলা গৰাকীৰ সৈতে ড্ৰাগছ সৰবৰহকাৰীৰ এটা নেটৱৰ্ক জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে আৰু কোন ব্যক্তি জড়িত আছে সেই দিশতো তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:শিৱসাগৰত ড্ৰাগছ বেপাৰীৰ দোকান উচ্ছেদ, ডিমা হাছাওত হে'ৰইনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী