শিৱসাগৰ : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই শিৱসাগৰত জ্বলোৱা হ'ল জব্দকৃত ড্ৰাগছ ।
শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীস্থিত চুকাফা ছুপাৰ মাল্টিস্পেচিয়েলিটী চিকিৎসালয় চৌহদত জ্বলোৱা হয় প্ৰায় ১৩ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ ।
শিৱসাগৰ আৰক্ষীয়ে বিগত সময়ত হেৰ'ইন ৩৮৭৭ গ্ৰাম , ১০০৯ কেজি গাঞ্জা আৰু ২৯৬০ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছিল ।
জব্দকৃত নিচাজাতীয় দ্ৰব্য়খিনি শুকুৰবাৰে জ্বলোৱা হয় । এই কাৰ্যসূচীত আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য আৰু আবকাৰী বিভাগৰ লোক উপস্থিত থাকে ।
অনাগত সময়ত শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয়, "আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস । এই দিনটোতেই জিলাখনৰ আৰক্ষীয়ে বিগত সময়ত জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনি নষ্ট কৰিছে । নৱ প্ৰজন্মৰ মাজত যাতে কোনো বিপদ নহয়,তাৰবাবে এয়া এক প্ৰচেষ্টা ।"
লগতে পঢ়ক:ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
হেৰ’ইনসহ সাতজনকৈ ব্যক্তি আৰক্ষীৰ জালত, ক’ত চলিল এই অভিযান ?