Surprise Me!

লখিমপুৰত শোকাবহ ঘটনা, বজ্ৰপাত পৰি তিনিজনৰ মৃত্যু

2026-06-26 7 Dailymotion

লখিমপুৰ : শুকুৰবাৰে লখিমপুৰ নগৰৰ সমীপৰ ৰাংচালীৰ দেবেৰা দলনী পথাৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে ৷ নিহত কেইজনৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, দেবেৰা পথাৰত কৃষি কাৰ্যত ব্যস্ত থাকোতেই বজ্ৰপাত পৰে ফলত তিনিজন লোকে প্ৰাণ হেৰুৱায় ।

নিহত লোক কেইজন সুনু হৰ (৬০), জেকচন কেৰ্কেটা (৫২) আৰু জয়ন্তী টাপুৱাৰ (৪৩) বুলি জানিব পৰা গৈছে ৷ নিহত আটাইকেইটাৰ ঘৰ ৰাংচালী গাঁৱত। ইফালে নিহত সুনু হৰ আৰু জেকচন কেৰ্কেটা দুয়ো ককাই-ভায়েক বুলি জানিব পৰা গৈছে । উল্লেখ্য বিয়লি সুনু হৰ আৰু জেকচন কেৰ্কেটাই দেবেৰা পথাৰত কৃষি কাৰ্যত ব্যস্ত হৈ আছিল । সেই সময়ত তেওঁলোকক পথাৰত ভাত দিবৰ বাবে গৈছিল প্ৰতিবেশী জয়ন্তী টাপুৱাৰ নামৰ মহিলাগৰাকী । তেনেতে বজ্ৰ পৰাত থিতাতে তিনিওজনৰে মৃত্যু হয় ৷

লগতে পঢ়ক:৪ বছৰৰ পিছত ফাদিল কাণফুলিৰ ৰহস্য; যোৰহাট আৰক্ষীৰ তদন্ত