বৰপেটাৰোড: শনিবাৰে চৰকাৰী ভূমি বেদখলৰ বিষয়ক লৈ কঠোৰ স্থিতি লোৱাৰ কথা প্ৰকাশ কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে । বৰপেটা ৰোডস্থিত গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে কয়,"চৰকাৰী মাটি অবৈধভাৱে দখল কৰা লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি উচ্ছেদ অভিযান অব্যাহত থাকিব । উন্নয়নৰ স্বাৰ্থত চৰকাৰী ভূমি সংৰক্ষণ আৰু বেদখলমুক্ত কৰাটো অতি প্ৰয়োজনীয় ।"
ইফালে অহা ১ জুলাইত বৰপেটাৰোডৰ উত্তৰ পাৰে অৱস্থিত বাৰাপেটা কেটেল ফাৰ্মত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত ৬ কোটি ৭০ লাখ টকা ব্যয়সাপেক্ষ এক উন্নয়নমূলক প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলিও তেওঁ ঘোষণা কৰে । লগতে ২০২৭ চনত ঐতিহাসিক বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই অনা হ'ব বুলিও কয় ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক: ৰাইজৰ স্বাৰ্থত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সীমা বৃদ্ধি, ঘোষণা মুখ্যমন্ত্ৰীৰ
আত্মসন্মান অটুট ৰাখি ১ টকাতে মাছ ভাত; উপকৃত শতাধিক শ্ৰমজীৱী