নলবাৰী: ‘‘ৰ'জ আলীৰ লগত আৰু চাৰি-পাঁচটা জড়িত আছে ৷ ৰ'জে অকলেই ইমান ডাঙৰ কামটো কৰিব নোৱাৰে ৷ ৰ'জে অকলে এটাক মাৰি আনটোক ছয়-সাতবাৰ কাটিব নোৱাৰে ৷ ইমান ব্যস্ত ৰাস্তাত দুজন কাটি সি অকলেই পলাই যোৱাটো সম্ভৱেই নহয় ৷ পুলিচে এজনক মাৰিয়েই শান্ত হৈ বহি আছে ৷ মই বুকু ডাঠ কৰি কৈছো ৰ'জৰ লগত আৰু কোনোবা জড়িত হৈ আছিল ৷’’ এই ভাষ্য মৃদুমুদ্ৰা ডেকাৰ খুৰাকৰ ৷
তেওঁ আৰু কয়, ‘‘আমাৰ গাঁৱৰ পৰা দুটা ধ্ৰুৱতৰা নোহোৱা হ’ল ৷ মাধুৰ্য বৰ্মনৰ মৃত্যুৰ এমাহ এদিনৰ পাছত মৃত্যু হ’ল মৃদুমুদ্ৰাৰ ৷ হাস্পতালত যাৱতীয় সকলোখিনি শেষ কৰি প্ৰায় ২ বজাত মৃদুমুদ্ৰাৰ মৃতদেহ ঘৰ পাবহি ৷’’
মৃদুমুদ্ৰা ডেকাৰ বৰমাকে কয়, ‘‘তাই বহুত মেধাৱী ছাত্ৰী আছিল ৷ এই দুৰ্ঘটনাটো হোৱাৰ পাছত তাই আমি কোনেও একো কোৱা নাছিল ৷ সকলোৰে এটাই আশা আছিল তাইক সুস্থ কৰি ঘৰলৈ ওভতাই অনাটো ৷ প্ৰথম অপাৰেশ্বনৰ সময়ত সকলো ঠিকেই আছিল ৷ কিন্তু তৃতীয়টো অপাৰেশ্বনৰ পাছৰে পৰা তাই কিছু অসুস্থ হৈ পৰে ৷’’
ইতিমধ্যে সকলোৰে জ্ঞাত যে সমগ্ৰ অসম জোকাৰি যোৱা মুকালমুৱা গংগাপুৰত সংঘটিত হোৱা বৰ্বৰ হত্যাকাণ্ডত আঘাতপ্ৰাপ্ত হোৱা মৃদুমুদ্ৰা ডেকা GMCH ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ শুকুৰবাৰে পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে মৃদুমুদ্ৰাই ।
উল্লেখ্য যে, যোৱা ৩১ মে’ত ৰ'জ আলীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল মৃদুমুদ্ৰা ডেকা । লগতে ৰ'জ আলীৰ আক্ৰমণত থিতাতে নিহত হৈছিল আছু নেতা মাধুৰ্য বৰ্মন ।
লগতে পঢ়ক : এমাহজোৰা যুদ্ধৰ অন্তত GMCH-ত মৃত্যু নলবাৰীত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ