Surprise Me!

ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান

2026-07-03 5 Dailymotion

হাফলং : হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাতিংগা দলঙৰ ওচৰত ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত টেংকাৰখনৰ দুটা চেম্বাৰৰ পৰা ফৰ্মেলিন ওলাই জাতিংগা নদীত মিহলি হৈছে । সেয়েহে কেইদিনমানৰ বাবে নদীৰ পানী ব্যৱহাৰ নকৰিবলৈ জিলা আয়ুক্ত গায়ত্ৰী দেৱদাস হাইলিঙে আহ্বান জনাইছে।

ডিমা হাছাওৰ জিলা আয়ুক্তগৰাকীয়ে সকলো গাঁও আৰু নৈপৰীয়া লোকক জাতিংগাৰ পানী ব্য়হাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়ে । 

শুকুৰবাৰে সংবাদমাধ্যমৰ আগতে  জিলা আয়ুক্তই কয়," জাতিংগা নদীৰ ওচৰত থকা সকলো বাসিন্দা আৰু গাঁওসমূহৰ ৰাইজে নদীৰ পানী ব্যৱহাৰ কৰোতে সতৰ্ক থাকিব লাগে; কিন্তু আতংকিত হ'ব নালাগে । "  

জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে হাফলং-শিলচৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰ আবেলি প্ৰায় ৪ বজাত জাতিংগা দলঙৰ ওচৰত এনএল০১এই ৩৮৮৬ নম্বৰৰ এখন ফৰ্মেলিনভৰ্তি টেংকাৰ নামৰূপৰ পৰা ত্ৰিপুৰালৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় ৷

এই দুৰ্ঘটনাত টেংকাৰখনৰ কৰ্মচাৰী চাইফুল হক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক হাফলং অসামৰিক চিকিৎসালয়লৈ অনাৰ পিচতে তেওঁৰ মৃত্যু ঘটে ।

ফৰ্মেলিন মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱা বাবে ডিমা হাছাও জিলা প্ৰশাসনে জাতিংগা দলঙৰ পৰা হাৰাংগাজাওলৈকে নদীৰ পাৰৰ সকলো বাসিন্দাক আগন্তুক কিছুদিনৰ বাবে নদীৰ পানী খোৱা, ৰন্ধা-বঢ়া, ঘৰুৱা কামত ব্যৱহাৰ অথবা গৰু-ছাগলী আৰু অন্যান্য জীৱ-জন্তুক নুখুউৱাবলৈ অনুৰোধ জনাইছে ।

জাতিংগা দলঙৰ ওচৰত ফৰ্মেলিন ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, দুদিনলৈ নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান