Surprise Me!

যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ

2026-07-08 2 Dailymotion

যোৰহাট: বুধবাৰে পুনৰ যোৰহাটত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ পশ্চিম যোৰহাটৰ টিলিকি আম চাহ বাগিচাৰ আশে-পাশে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা আন এটা নাহৰফুটুকী বুধবাৰে পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে, নাহৰফুটুকীটোৰ বাবে দীৰ্ঘদিন ধৰি ভয়-শংকাৰ মাজেৰে ৰাইজে দিন অতিবাহিত কৰিব লগা হৈছিল ৷ ফলস্বৰূপে যোৰহাট বন বিভাগে উক্ত অঞ্চলত এটা পিঞ্জৰা পাতে, অৱশেষত বুধবাৰে পিঞ্জৰাবদ্ধ হয় মতা নাহৰফুটুকীটো ।

৪ জুলাইত উক্ত বাগিচাখনতেই আন এজনী মাইকী নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল । বর্তমান যোৰহাট আঞ্চলিক বন বিষয়াৰ কার্যালয়ত ৰখা হৈছে নাহৰফুটুকীটো । এই সন্দৰ্ভত বন বিষয়াই কয়,"প্ৰচণ্ড গৰমৰ বাবে নাহৰফুটুকীটো অৱশ হৈ পৰিছিল ৷ বৰ্তমান বাঘটোৰ গাত পানী ঢালি দিয়া হৈছে আৰু ঠাণ্ডা ঠাইত ৰখা হৈছে ৷" উল্লেখ্য যে, এসপ্তাহৰ ভিতৰতে যোৰহাটত নাহৰফুটুকী ধৰা পৰাৰ এইটো তৃতীয়টো ঘটনা ।

লগতে পঢ়ক: গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী