Surprise Me!

অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ

2026-07-11 0 Dailymotion

জোনাই : ৰাজ্যিক বাজেটত অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৷ জোনাই অনুষ্ঠিত ১৭ তম টিএমপিকেৰ সাধাৰণ অধিৱেশনত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই কয়,"যোৱা বৰ্ষৰ ৰাজ্যিক বাজেটত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ শীৰ্ষক এক সুকীয়া শিতানত পুঁজি আৱণ্টন কৰা । কিন্তু আৱণ্টিত পুঁজিৰ সিংহভাগ আজিলৈকে মুকলি নকৰিলে ৷"

তেওঁ লগতে কয়,"অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে অসম চুক্তিৰ ছয় নং দফাৰ বাবে এইবাৰৰ ৰাজ্যিক বাজেটত কোনো নিৰ্দিষ্ট পুঁজি ধাৰ্য্য নকৰিলে ৷ সেয়ে আজি আছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে । অসম চুক্তিৰ ছয় নং দফাৰ পূৰ্ণাংগ ৰূপায়ণ নিশ্চিত কৰিবলৈ চৰকাৰে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ইয়াৰ বাবে পৃথক পুঁজি আৱণ্টন কৰাৰ বাবে চৰকাৰক দাবী জনায় ।"

লগতে পঢ়ক: নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ নকৰিব: পৰেশ বৰুৱা বিষয়ত মুখ্যমন্ত্ৰীক সকীয়নি মীৰা বৰঠাকুৰৰ