Surprise Me!

স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা

2026-07-13 8 Dailymotion

হায়দৰাবাদ : ৰোলাৰ স্কেটিঙৰ জৰিয়তে অসমৰ পৰা কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়া ব্যতিক্ৰমী প্ৰচেষ্টা আগবঢ়াইছে হাজোৰ অগ্ৰণী স্কেটিং ক্লাব ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবে ৷ আব্দুল কৰিম আলীৰ নেতৃত্বত গঢ় দি উঠা এই ক্লাবটোত হাজো অঞ্চলৰ প্ৰায় শতাধিক শিশু খেলুৱৈ অন্তৰ্ভুক্ত হৈছে । উল্লেখ্য যে, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক খেলত অংশগ্ৰহণ কৰি সুনাম আজুৰিব সক্ষম হৈছে ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবৰ খেলুৱৈয়ে ৷

ইতিমধ্যে হাজো ষ্টেডিয়ামত সাতদিনীয়া এটি কৰ্মশালা আয়োজনেৰে কণ কণ শিশুখেলুৱৈক স্কেটিঙৰ প্ৰশিক্ষণ প্ৰদান কৰে আব্দুল কৰিম আলী আৰু অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক জয়ন্ত বেজবৰুৱাই ৷ যাৰ বাবে কণ কণ শিশু খেলুৱৈসকলৰ অভিভাবক আপ্লুত হৈছে । হাজো ষ্টেডিয়ামত আয়োজন কৰা কৰ্মশালাটোত খেলুৱৈসকলক বিভিন্ন কলা-কৌশলৰ প্ৰশিক্ষণ দিয়া হয়  ৷ ইয়াৰ দ্বাৰা কণ কণ শিশু স্কেটিং খেলুৱৈসকল উপকৃত হ'ব বুলি আশা কৰিছে প্ৰশিক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক:আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ প্ৰাক্তন বিধায়ক অতুল বৰাৰ