Surprise Me!

মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ

2026-07-16 1 Dailymotion

মাজুলী: উজনি মাজুলীত বন্যহস্তীৰ বৃহৎ জাকৰ বিচৰণ । দৰবা চাপৰি, কমলাবাৰী ঘাট হৈ দেউতি চাপৰি আৰু দক্ষিণপাট অঞ্চলত বিচৰণ কৰিছে প্ৰায় ২০০ টা বন্যহস্তীৰ এটা জাকে । বৰ্তমান নিৰ্মীয়মান যোৰহাট-মাজুলী সংযোগী দলংখনৰ সমীপত আশ্ৰয় গ্ৰহণ কৰিছে হাতীৰ এই বিশাল জাকটোৱে । যোৱানিশা হাতীৰ জাকটো তিনিভাগত বিভক্ত হৈ মথাউৰি এলেকা আৰু সমীপৰ গাঁৱত প্ৰৱেশ কৰাত হুৱাদুৱা লাগে ।  

নিশাৰে পৰা স্থানীয় ৰাইজ আৰু বন বিভাগে একত্ৰিত হৈ পুৱা প্ৰায় ৪:৩০ বজালৈকে অভিযান চলাই হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদিবলৈ সক্ষম হয় । আজি পুনৰ দলংখনৰ সমীপত জাকটো একত্ৰিত হৈছে যদিও হাতীৰ জাকটোৱে যাতে জনাঞ্চলত সোমাই ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । হাতীৰ জাকটোক কোনো ফটকা আৰু গুলী ফুটাই আতংকিত নকৰি শান্তিপূৰ্ণভাৱে ওভতাই পঠিওৱাৰ বাবে বন বিভাগে চেষ্টা চলায়, যাতে আতংকিত হৈ হাতীয়ে জনাঞ্চলত অনিষ্ট কৰিব নোৱাৰে ৷

লগতে পঢ়ক: হাতীৰ কাৰণে পতা মৰণফান্দত লাগি দুই শিশুৰ মৃত্যু