গোলাঘাট: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰিমিয়াৰ লীগলৈ নিৰ্বাচিত হৈ গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চন্দন নগৰৰ যুৱক অবিনাশ ফুকনে । অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বাছনিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪ হাজাৰোধিক খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচিত হয় গোলাঘাটৰ অবিনাশ ফুকন । খেলুৱৈগৰাকীক উৎসাহিত কৰিবলৈ চন্দন নগৰ অঞ্চলৰ মহিলাসকলে তেওঁক সম্বৰ্ধনা জনায় ।
খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ৰশ্মি বৰুৱা দাসে কয়, "মই বহু উৎফুল্লিত হৈ পৰিছোঁ । যিহেতু অবিনাশ ফুকনক সৰুৰে পৰা পাইছোঁ । এটা মধ্যবিত্ত পৰিয়ালৰ অবিনাশ ফুকনে গোলাঘাটৰ বাবে বহু সুনাম অৰ্জন কৰিছে । তেওঁৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছোঁ । তেওঁ এজন ভাল ক্ৰিকেট খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰক, আমি তাৰে কামনা কৰিছোঁ ।"
আনহাতে, এপিএলৰ বাবে নিৰ্বাচিত অবিনাশ ফুকনে কয়, "মই বহুত আনন্দিত হৈছোঁ । এই খেলত মোৰ বহু অভিজ্ঞতা হ'ব । এই প্ৰতিযোগিতাত মই নিজৰ দলৰ বাবে ভাল খেলিবলৈ চেষ্টা কৰিম । মই নৱম শ্ৰেণীৰ পৰায়ে ক্ৰিকেট খেলৰ অনুশীলন কৰি আহিছোঁ । এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৫০০ খেলুৱৈ অংশগ্ৰহণ কৰিছিল । যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছিল ২৭০ জন খেলুৱৈ । তাৰ পৰা ১৬০ জন খেলুৱৈ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হয় । মই চৰাইদেউ ছানৰাইজাৰ্ছৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম ।"
লগতে পঢ়ক :অসমৰ এখন খেলপথাৰত ব্ৰাজিল-আৰ্জেণ্টিনাৰ তুমুল যুঁজ!