Surprise Me!

বেকী নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা ব্য়ক্তিৰ মৃতদেহ উদ্ধাৰ

2026-07-27 1 Dailymotion

জনীয়া: কলগাছিয়াৰ তাৰাকান্দিত বেকী নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা তাৰাকান্দি গাঁৱৰ মোনছেৰ আলী (৪০)ৰ মৃতদেহ আজি পুৱা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ।  

লোকজন সন্ধানহীন হোৱাৰ পিছতে এছডিআৰএফে উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান লাভ কৰিব পৰা নাছিল । অৱশেষত স্থানীয় ৰাইজে হাপাচৰ গাঁৱৰ সমীপত পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

পেছাত ঘোঁৰা গাড়ী চলোৱা মোনছেৰক মাছ ধৰাৰ সময়তে নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে । লগে লগে স্থানীয় লোকে উদ্ধাৰৰ বাবে বহু চেষ্টা চলাই যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল ।

লগতে পঢ়ক :জোনাইৰ চেঙাজান বগৰীবাৰীত শোকাবহ ঘটনা, লালী নদীত সন্ধানহীন কিশোৰী