Surprise Me!

গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব

2026-07-31 12 Dailymotion

ডিব্ৰুগড় : চৰাইদেউ জিলাৰ চুমনি গাঁৱত বন্যাৰ্তৰ কাষত আছুৰ সভাপতি উৎপল শৰ্মা । আছুকৰ্মী সকলক লগত লৈ বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰা লগতে প্ৰয়োজনীয় ঘৰুৱা কিছু সামগ্ৰীও প্ৰদান কৰে আছুৰ সভাপতি গৰাকীয়ে । চৰাইদেউ জিলাৰ বান পৰিস্থিতি বুজ লৈ আছুৰ সভাপতি গৰাকীয়ে কয়, "চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ৰাইজে যি পৰিস্থিতিৰ সন্মুখীন হ'ল এইয়া বান বুলি ক'লে ভুল হ'ব ই মহাপ্ৰলয়। ইয়াৰ কাৰণ কি তাৰ বিচাৰ লাগিব ।"

তেওঁ লগতে কয়,"কিয় এই মহা প্ৰলয় হ'ল ? বানত সকলো হেৰুওৱা ৰাইজক এইবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগিব । ভৱিষ্যতে যাতে এই ঘটনা পুনৰ নহয় তাৰ নিশ্চয়তা চৰকাৰে দিব লাগিব । নহ'লে বানত আপোন ঘৰ খন হেৰুওৱা ৰাইজে পুনৰ কি আশাত ঘৰখন সাজিব ? চৰকাৰে ৰাইজক গতানুগতিক ক্ষতিপূৰণ দিলে শান্তি নাপাব । গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায় । কিন্তু তেওঁ নাহিল আৰু আজি পৰ্যন্ত কোনো অৰ্থনৈতিক পেকেজ ঘোষণা কৰা নাই । গুজৰাটত বান হওঁতে কেন্দ্ৰীয় চৰকাৰে পাঁচশ কোটি দিছিল, অসমৰ বেলিকা শূন্য ।"

লগতে পঢ়ক: বান বিভীষিকাৰ মাজতে, কুলশী নদীৰ বহুমুখী প্ৰকল্পৰ ডিপিআৰ অসম চৰকাৰলৈ হস্তান্তৰ