Surprise Me!

হাফলঙত শিশুৰ মৃতদেহ উদ্ধাৰ

2026-08-01 2 Dailymotion

হাফলং : ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত ল'ৱাৰ হাফলঙস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্পৰ সমীপত শুকুৰবাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । শিশুটিৰ বয়স প্ৰায় ৬ৰ পৰা ৭ মাহ বুলি অনুমান কৰা হৈছে ।  

কোনো অচিনাকী ব্যক্তিয়ে নিশাৰ ভাগত শিশুটিৰ মৃতদেহ উক্ত স্থানত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়াৰ পিছতে হাফলং থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই কয়, "পুৱা প্ৰায় ১০ বজাত শিশুটিৰ মৃতদেহটো প্ৰত্য়ক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়ে ।"

লগতে পঢ়ক:নাতিনীক বিক্ৰী কৰাৰ অভিযোগত বিমানবন্দৰত গ্ৰেপ্তাৰ বাবুল আলী

আমি কেনেকৈ বাচিলো গমেই নাপালো... ! আশ্ৰয় শিবিৰৰ পৰা উভতি আহি বন্য়াৰ্তৰ আৰ্তনাদ