Surprise Me!

টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

2026-08-15 3 Dailymotion

ডিব্ৰুগড় : শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত বেতনি গাঁৱৰ পথৰ কাষত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । পুৱাৰ ভাগত স্থানীয় গাঁওৰক্ষী বাহিনীৰ এজন বিষয়ববীয়াই পথৰ কাষত মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে । মৃত ব্যক্তিজনৰ মূৰ আৰু মুখমণ্ডলত আছে আঘাতৰ স্পষ্ট চিন ।

আনহাতে মৃতদেহটোৰ কাষতে এটা ছিৰিঞ্জ, এখন ৰঙচুৱা পৰ্দা সদৃশ কাপোৰ আৰু এটুকুৰা কাপোৰৰ ৰছী উদ্ধাৰ কৰা হৈছে । ৰাইজৰ সন্দেহ, দুৰ্বৃত্তই নিশাৰ আন্ধাৰৰ সুযোগ লৈ আন কোনো স্থানত হত্যা কৰি মৃতদেহটো নিৰ্জন পথৰ দাঁতিত পেলাই থৈ গৈছে । ইতিমধ্যে টিংখাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : বিধায়ক শ্বেৰমান আলীয়ে উত্তোলন কৰোতেই সৰি পৰিল পতাকা