নলবাৰী : নলবাৰী জিলাৰ টিহুস্থিত নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত শনিবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । পাৰ্কখনত থকা হাইজেন গ্ৰুপৰ জুচ কোম্পানীটোৰ ওপৰ মহলাত জুই বিয়পি পৰাত তলৰ মহলাত কৰ্তব্যৰত শ্ৰমিকৰ মাজত হাহাকাৰ লাগে । প্ৰথমে গেছৰে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও তেনেকৈ বিফল হোৱাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ।
পিছত বিভিন্ন প্ৰান্তৰ পৰা ১৫ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে । ইতিমধ্যে কোম্পানীটো সম্পূৰ্ণৰূপে জুইত জাহ যায় । অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ পৰাই হোৱা বুলি সন্দেহ কৰা হৈছে ।
স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্য়মৰ আগত কয়, ‘‘কোম্পানীটোত কৰ্মৰত কোনো কৰ্মচাৰীয়ে ইয়াৰ বাবে চাকৰি হেৰুৱাব নালাগে ।’’ এই অগ্নিকাণ্ডত প্ৰায় ৩৫ কোটি টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলিও বিধায়কগৰাকীয়ে কয় ।
লগতে পঢ়ক:আহমেদাবাদৰ অবৈধ ফটকা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ৯জনৰ মৃত্যু
মাজ নিশা বাৰত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও ২৭ জনে