জোনাই : জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত চিমেন চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়ীমুৰী বড়ো আৰু মাছখোৱা গাঁৱত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা চেৰেন নদীৰ বাঢ়নি পানীয়ে শতাধিক পৰিয়ালক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ।
মাছখোৱা আৰু বুঢ়ীমুৰী অঞ্চলৰ শতাধিক পৰিয়াল আজি প্ৰায় এমাহ ধৰি পানীৰ কৱলত । ইফালে বহু পৰিয়ালৰ শস্য পথাৰ, ঘৰ-দুৱাৰ বুৰাই পেলাইছে নদীখনৰ বানে ।
এজন স্থানীয় বানাক্ৰান্ত লোকে জানিবলৈ দিয়া মতে, "চেৰেন নদীৰ মথাউৰিটোৰ প্ৰায় ৪ কিলোমিটাৰৰ ভিতৰত কেইবাটাও অংশত ভাঙি যোৱাত এতিয়া নদীয়েদি বৈ যাবলগীয়া পানী মাছখোৱা আৰু বুঢ়ীমুৰী অঞ্চলত সোমাই দুমাহ ধৰি জলমগ্ন হৈ আছে । অকণমান বৰষুণতে এই দুখন গাঁও চেৰেন নদীৰ পানীয়ে বুৰাই পেলায় । এতিয়া আমি থাকিম ক'ত, খাম ক'ত । চৰকাৰলৈ এটাই আহ্বান যে চেৰেন নদীয়ে ভাঙি দিয়া মথাউৰিটো পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতি কৰি আমাৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰক ।"
আন এগৰাকী বানাক্ৰান্ত মহিলাই কয়, "আমাৰ চিমেন চাপৰিৰ মাছখোৱা আৰু বঢ়ীমুৰী অঞ্চলত আজি বহুদিনৰ পৰা বানপানী হৈ আছে । কিন্তু চৰকাৰ প্ৰশাসনে আমাক গুৰুত্ব প্ৰদান কৰা নাই । মাত্ৰ আমি তিনিটা দিন বান শিবিৰত থাকোতে প্ৰশাসনৰ ফালৰ পৰা কিছু বান সাহায্য প্ৰদান কৰিছিল । কিন্তু আজি প্ৰায় দুমাহ ধৰি জলমগ্ন হৈ আছে ।"
লগতে পঢ়ক :লখিমপুৰ নগৰৰ ৰক্ষাকৱচত আঘাত: ৰঙানৈয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ দুৰ্যোগ