শিৱসাগৰ: চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বাবে ১০ হাজাৰ কোটিৰ বিশেষ পেকেজৰ দাবী কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই । শুকুৰবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি জিলা দুখনৰ বান পৰিস্থিতিক লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
সংগঠনটোৱে বান সমস্যাৰ বৈজ্ঞানিক সমাধানৰ বাবে ১০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ, Flood Plain Zoning Act কাৰ্যকৰী, উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা বেদখলমুক্ত কৰাৰ দাবী জনায় ।
লগতে নগালেণ্ডৰ অবৈধ কয়লা খনন বন্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰে । দাবী পূৰণ নকৰিলে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিছে । উজনিৰ তিনি জিলাত তাণ্ডৱ চলোৱা বানৰ বাবে চৰকাৰক জগৰীয়া কৰে বসন্ত গগৈয়ে ৷
তেওঁ কয় যে পুৰণি বান্ধবোৰ পুনৰ মেৰামতি নকৰাৰ ফলতেই এইদৰে প্ৰায় কুৰিদিন পাৰ হোৱাৰ পাছতো শিৱসাগৰৰ বহু অঞ্চল পানীত ডুব গৈ আছে ৷ নাগালেণ্ডত সতৰ্কতা জাৰী কৰাৰ বাবে মানুহৰ জীৱন ৰক্ষা পৰিল ৷ কিন্তু অসমত বহু মানুহে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷
লগতে পঢ়ক: আপোন হাত জগন্নাথ ! চৰকাৰলৈ ৰৈ নাথাকি টীয়কত ৰাইজে নিজেই মেৰামতি কৰি ল'লে ৰিংবান্ধ