জোনাই: ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান আৰম্ভ হৈছে । এই উদ্দেশ্যৰে দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় ধেমাজিৰ সহযোগত মঙলবাৰে ত্ৰিৰংগা ৱাকাথনৰ আয়োজন কৰা হয় ।
সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা জোনাইৰ সম-জিলা আয়ুক্ত জয়ন্ত চৰণে ত্ৰিৰংগা ৱাকাথনৰ ৱাকথন ফ্লেগ অফ কৰে । ৱাকাথনৰ পিছতে কাৰ্যালয় চৌহদ আৰু ইয়াৰ আশে-পাশে সম জিলা আয়ুক্তৰ কাৰ্যালয় জোনাইৰ দ্বাৰা স্বেচ্ছামূলক শ্ৰামদান অনুষ্ঠিত কৰা হয় । এই পদক্ষেপৰ লক্ষ্য আছিল নাগৰিকসকলৰ মাজত স্বেচ্ছাসেৱী সেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামূহিক দায়বদ্ধতাৰ মনোভাৱ প্ৰসাৰিত কৰা ।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি জোনাই সমজিলা আয়ুক্তই কয়,"এই দিনটোত আমি ত্ৰিৰংগা ৱাকাথন আয়োজন কৰিছোঁ । গোটেই চহৰখনত শোভাযাত্ৰা কৰিছোঁ । যি ত্ৰিৰংগা ৱাকাথন আয়োজন কৰিছোঁ, তাৰ মূল উদ্দেশ্য হৈছে ত্ৰিৰংগাৰ মূল্য কি সেয়া বুজি পাই ।"
লগতে পঢ়ক: কাছাৰত ১৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, ১ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ - কাছাৰৰ বদৰপুৰ
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ - FORMER MP RIPUN BORA