Surprise Me!

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাটত চাঞ্চল্যকৰ ঘটনা; হোটেলৰ কোঠাত উদ্ধাৰ আপত্তিজনক সামগ্ৰী

2026-08-14 2 Dailymotion

গোলাঘাট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত হোটেল ব্লু মুনত দুই যুৱকৰ কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতৰ উদ্দেশ্যে নগৰখনৰ হোটেলত দুই যুৱকে বাহৰ পাতিছিল নেকি তাক লৈও সৃষ্টি হৈছে ৰহস্য । ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে ।  

বৃহস্পতিবাৰে নিশা গোলাঘাট আৰু বঙাইগাঁৱৰ দুজন যুৱকে হোটল ব্লু মুনৰ এটা কোঠা ভাৰাত লৈ নিশাটো কটায় । কিন্তু হোটেল কৰ্তৃপক্ষই পুৱা প্ৰত্যক্ষ কৰে যে যুৱক দুজন কোঠাৰ পৰা অন্তৰ্ধান । আনহাতে, যুৱক দুজন থকা কোঠাত সন্দেহজনকভাৱে কিছু তাঁৰৰ টুকুৰা প্ৰত্যক্ষ কৰি হোটেল কৰ্তৃপক্ষই গোলাঘাট আৰক্ষী থানাত বিষয়টো অৱগত কৰে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে ।  

স্বাধীনতা দিৱসৰ সময়ত উগ্ৰপন্থী সংগঠনে কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে যুৱক দুজনক নিয়োগ কৰিব পাৰে বুলি সন্দেহ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান নিশ্চিত তথ্য উদঘাটন হোৱা নাই ।  

এই সম্পৰ্কে হোটেলখনৰ পৰিচালক প্ৰিন্স দাসে কয়, "বৃহস্পতিবাৰে নিশা ১০ মান বজাত বঙাইগাঁও আৰু গোলাঘাটৰ দুজন যুৱকে হোটেলৰ এটা কোঠা লয় । তাৰ পাছত অলপ সময় যোৱাৰ পাছত যুৱক দুজনে মোক দুটা ৰিম'ৰ্ট বিচাৰে । মই নাই বুলি কোৱাত কোঠালৈ গুচি যায় । নিশা কোঠাৰ ভিতৰৰ পৰা নিচাজাতীয় সামগ্ৰীৰ গোন্ধ ওলাই আছিল । তেওঁলোকক মাতি এনে কাৰ্য নকৰিবলৈ জনালোঁ । পুৱা আমক অৱগত নকৰাকৈ দুয়োজন যুৱক হোটেলৰ পৰা ওলাই যায় ।"

তেওঁ লগতে কয়, "তাৰ পাছত আমি তেওঁলোক থকা কোঠাটোৰ ভিতৰত গৈ চাওঁতে সৰু সৰু তাঁৰৰ টুকুৰা পৰি থকা দেখোঁ । তাৰ পাছত আমি লগে লগে গোলাঘাট আৰক্ষীক খবৰ দিওঁ । আৰক্ষীয়ে আহি কোঠাটোৰ ভিতৰখন চাই বাহিৰৰ পৰা বন্ধ কৰি থৈ গৈছে । যিহেতু কাইলৈ স্বাধীনতা দিৱস, গতিকে কি উদ্দেশ্য লৈ যুবক দুজন আহিছে ধৰিব পৰা নাই ।"

অৱশ্যে এই ঘটনা সম্পৰ্কে বৰ্তমানলৈকে আৰক্ষীয়ে কোনোধৰণৰ মতামত প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :স্বাধীনতা দিৱস উদযাপনৰ প্ৰত্যাহ্বান, বিদ্ৰোহীৰ আতংক আৰু এটা প্ৰজন্মৰ মনত ৰৈ যোৱা অপূৰ্ণ আশা