Surprise Me!

বানৰ পিছত ধনতোলা মথাউৰি মেৰামতিৰ কাম প্ৰায় ৮০ শতাংশ সম্পন্ন

2026-08-20 0 Dailymotion

টীয়ক: উজনি অসমৰ বান বিভীষিকাৰ এটা মাহ পাৰ হ’ল ৷ বিগত এটা মাহত বানে ৰাইজক একেবাৰে বিধ্বস্ত কৰি থৈ গ’ল ৷ শিৱসাগৰ, চৰাইদেউ, গোলাঘাটৰ লগতে যোৰহাটৰ ৰাইজ বান বিভীষিকাৰ সাক্ষী হৈ ৰ’ল ৷ বানে ধুৱাই থৈ যোৱাৰ পিছত মৰিয়নি সমষ্টিৰ বনাই ধনতোলা মথাউৰিৰ মেৰামতিৰ কাম যুদ্ধংদেহী গতিত আৰম্ভ কৰা হৈছে ৷ মাথোঁ এমাহৰ ভিতৰতে ৮০% কাম প্ৰায় সম্পন্ন হোৱাৰ পথত বুলি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাবী কৰিছে ৷

উল্লেখ্য যে, যোৱা ২০ জুলাইত মৰিয়নী সমষ্টিৰ বনাই ধনতোলা অঞ্চলত জাঁজী নৈৰ বাঢ়নী পানীয়ে এই মথাউৰি খহাই নিছিল ৷ ফলস্বৰূপে বৃহত্তৰ বনাইকে ধৰি টীয়ক পৰ্যন্ত বাঢ়নী পানীয়ে প্লাবিত কৰিছিল ৷ মানুহৰ ঘৰ-দুৱাৰ, আচবাব, পশুধন, ধাননি পথাৰ, বিদ্যালয় আদিৰ বিস্তৰ ক্ষতিসাধন হৈছিল । বৃহস্পতিবাৰে সেই কালৰূপী বানে এটা মাহ সম্পূৰ্ণ কৰে ৷ বানৰ পিছত এই মথাউৰি মেৰামতিৰ বাবে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আগভাগ লৈছে ৷

বিধায়ক কুৰ্মীয়ে কয়, ‘‘মই নিজে প্ৰতিদিনে উক্ত মথাউৰিৰ মেৰামতিৰ কাম তদাৰক কৰি আছো আৰু দুই-এদিনৰ ভিতৰতে কাম সম্পূৰ্ণ কৰা হ'ব । আমাৰ ৰাইজৰ বহু ক্ষতি হ'ল । প্ৰায় ৫৬ মিটাৰ মথাউৰি জাঁজী নদীৰ পানীয়ে ছিঙি নিছিল । ৰাইজৰ খেতিপথাৰ, আচবাব, ঘৰ সকলো শেষ । আমি যিমানে পাৰো সোনকালে জলসম্পদ বিভাগৰ সহায়ত মথাউৰিটো মেৰামতিৰ কাম চলাই আছোঁ । ইতিমধ্যে প্ৰায় ৮০% কাম হৈছে । আমি ভাবো পানীয়ে আৰু আমাক একো কৰিব নোৱাৰে আৰু আমাৰ ৰাইজ আজি সুৰক্ষিত । এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীসকলে মোক যথেষ্ট সহায় কৰিছে । সকলোকে মই ধন্যবাদ জনাইছোঁ । লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ পৰ্যায়ক্ৰমে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব । এতিয়া আমি ক্ষতিপূৰণত ব্যস্ত আছোঁ ।’’

লগতে পঢ়ক: যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজন