শিৱসাগৰ: সমগ্ৰ উজনি অসম এতিয়া বানৰ কবলত ৷ দেওবাৰে নগা পাহাৰত হোৱা ডাৱৰ বিস্ফোৰণৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনিত । শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড় জিলাত দেখা গৈছে জলপ্ৰলয় ৷ হঠাতে অহা বানত উৱাদিহ হেৰুৱাইছে উজনিবাসীয়ে ৷
শিৱসাগৰ জিলাত দিখৌ, দিচাং, দৰিকা, জাঁজী নদীৰ বাঢ়নী পানীয়ে চণ্টক, বিহুবৰ, নাজিৰা, শিমলুগুৰি, জাঁজী, জামুগুৰি, আমগুৰি আদি অঞ্চল বুৰাই পেলোৱাৰ লগতে জামুগুৰিত জাঁজী নদীৰ মথাউৰি ভঙাৰ ফলত বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে বানত । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ বহুকেইটা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বহু লোক বানত আবদ্ধ হৈ আছে । চণ্টক, বিহুবৰ আদি অঞ্চলত সামৰিক বাহিনীৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।
আনহাতে শিৱসাগৰ নগৰৰ বহু নৈপৰীয়া অঞ্চল দিখৌৰ বাঢ়নী পানীত বুৰ গৈছে । নগৰৰ সমীপৰ চেৰেকাপাৰ, ভাটি বনগাঁও, কমাৰফদীয়া, অৰ্জুনগুৰি, আমগুৰি ঘাট, নপাম গাঁও আদি বহু অঞ্চলত দিখৌ নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । ইতিমধ্যে বিভিন্ন ঠাইত দিখৌ নদীৰ পানী মথাউৰি আৰু ৰাস্তাৰ ওপৰেৰে বাগৰিছে ৷
লগতে পঢ়ক: যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ'ব পাৰে উজনি-নামনিৰ যোগাযোগ: বান পৰিস্থিতি শোচনীয়, মৃত্যু এজনৰ