জনীয়া : বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ লোকসকলক ক্ষতিপূৰণ আৰু বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি চিপিআই(এম) দলে দাবী দিৱস পালন কৰে । তাৰ অংশ হিচাপে চিপিআইএমৰ কলগাছিয়া, ৰূপসী আৰু তিতাপানী লোকেল কমিটিৰ যৌথ উদ্যোগতো এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দলৰ শতাধিক কৰ্মী তথা সমৰ্থকে হাতে হাতে বেনাৰ লৈ কলগাছিয়া চাৰিআলি চকৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায় । পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "শেহতীয়া বানত অসমত ১০০তকৈ অধিক লোকৰ মৃত্যু হৈছে । মানুহৰ ঘৰ-দুৱাৰ বিধ্বস্ত হৈছে । অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্তক সাহায্য বৃদ্ধি কৰা, বানাক্ৰান্তক অহা ৬ মাহৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা, সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত ৰাইজক ২০ লাখ টকাকৈ সাহায্য দিয়া-এইধৰণৰ কেইবাটাও দাবীৰে ৰাজ্যজুৰি চিপিআইএম দলে দাবী দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছে । তাৰ অংশ হিচাপে কলগাছিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ । চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ । চৰকাৰে দাবীসমূহ পূৰণৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও প্ৰতিবাদকাৰীয়ে হুংকাৰ দিয়ে ।
লগতে পঢ়ক :
কলগাছিয়াত এখন বাঁহৰ দলঙে দিছে বিধি-পথালি: কাণসাৰ নাই বিধায়ক জাকিৰৰ