যোৰহাট : "সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময়জুৰি অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী তুলি আহিছে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আমি বান সমস্যাৰ কথা ক’লে বেলেগ ধৰণে কথা কয় ৷ তেওঁৰ কথা কোৱাৰ চখ আছে কাৰণে কয়, কিন্তু গুৰুত্বটো উপলব্ধি নকৰে ।’’ যোৰহাটৰ মজিয়াভেটি বান বিধস্ত অঞ্চলত উপস্থিত হৈ এই মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ৷
তেওঁ লগতে কয়, ‘‘অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে ৰাষ্ট্ৰীয় গুৰুত্ব বৃদ্ধি পাব, কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে ল’ব । উজনি তিনিখন জিলাত বানপানী সন্দৰ্ভত ৰাইজ প্ৰতিয়ন গৈছে যে নাগালেণ্ডত আবাধ হাৰত কয়লা খনৰ বাবে হৈছে ৷ মুখ্যমন্ত্ৰীয়ে অকপট অসহায় মন্তব্য কৰিছে যে নাগালেণ্ডত গৈ মই কি কৰিব পাৰো ।’’
উৎপল শৰ্মাই লগতে লোকপিয়লত চৰকাৰী বিদ্যালয়ৰ শিক্ষক নিয়োগৰ বিষয়তো চৰকাৰক সমালোচনা কৰে ৷ শিক্ষক নিয়োগৰ ফলত চৰকাৰী বিদ্যালয়ৰ শিক্ষণ প্ৰক্ৰিয়া ব্যক্তিগত বিদ্যালয়তকৈ পিছ পৰি ৰ’ব বুলি তেওঁ উল্লেখ কৰে ৷
লগতে পঢ়ক: কয়লা খনন নে ধাৰাসাৰ বৰষুণ ? উজনিৰ বান বিভীষিকাৰ আঁৰৰ মূল কাৰণ কি ?