নগাঁও : বৃহস্পতিবাৰে পুৱাৰ ভাগতে নগাঁৱত ভোটাধিকাৰ সাব্যস্ত কৰিলে বঢ়মপুৰ সমষ্টিৰ অজাপৰ প্ৰাৰ্থী ৰাজেন গোহাঁয়ে ৷ নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে অজাপৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে । ভোটদান কৰি তেওঁ কয়, "ৰাজ্যত এইবাৰ পৰিৱৰ্তন আহিব ৷ অজাপৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বাঢ়িছে ৷ এইবাৰ দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ হ'ব ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কেৱল ধন-সম্পত্তি গঢ়িব জানে ৷ টকাই সকলো বুলি তেওঁ ভাবে ৷"
আনহাতে মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ সন্দৰ্ভত বিগত সময়ত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ সন্দৰ্ভত গোহাঁয়ে কয়,"ৰাজনীতিলৈ অহা ১০-১৫ দিনৰ ভিতৰতে ইমান চৰ্চা লাভ কৰিলে কুংকিয়ে ৷ ৰাইজে এইবাৰ কুংকিৰ সমৰ্থনত ভোট দিব ৷ আমি এশ শতাংশ জয়লাভ কৰিম ৷"
তেওঁ লগতে পঢ়ক: পুৱা ৭ বজাৰ পৰা আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া