Surprise Me!

ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে লখিমপুৰ: ৬৮ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু আৰম্ভ

2026-04-28 35 Dailymotion

লখিমপুৰ : লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৬৮ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে ৷ সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰা ঐতিহ্যবাহী লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনটোত বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ মূৰ্ত প্ৰকাশ ঘটে ।

প্ৰথম দিনটোত বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্রাত বিভিন্ন জাতি জনগোষ্ঠীৰ সোণসেৰীয়া সংস্কৃতিৰ  প্ৰকাশ ঘটে । বিহুৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ লহৰে লখিমপুৰৰ আকাশ -তাহ উজ্জীৱিত কৰি তোলে । ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতীকী উপস্থাপন, তেওঁলোকৰ গীতৰ লহৰ, অসমীয়া সমাজ জীৱনৰ লোকশিল্প, সমাজ জীৱনৰ সাংস্কৃতিক উপাদানসমূহৰ একাংশ, ধৰ্মীয় আখ্যানৰ চিত্রপট জীৱন্ত কৰি শোভাযাত্রাত প্ৰদৰ্শন কৰা হয় । ৬৮ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু সন্মিলনখন অহা ২ মে’ত সামৰণি পৰিব ।

বিহুৰ এগৰাকী আয়োজকে কয়, ‘‘সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বতৰাৰে আজিৰে পৰা আৰম্ভ হৈছে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন ৷ আনতকৈ পৃথক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন ৷ সকলো ৰাইজ ওলাই আহিছে ৷ ডঃ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী বৰ্ষ হিচাবে এই বিহুৰ এটা অনুষ্ঠান তেওঁৰ নামত উছৰ্গা কৰা হৈছে ৷ কেৱল ডঃ ভূপেন হাজৰিকাই  নহয়, সদস্য প্ৰয়াত জুবিন গাৰ্গৰ নামতো এক অনুষ্ঠান উছৰ্গা কৰা হৈছে ৷’’

লগতে পঢ়ক : পৰম্পৰা অক্ষুণ্ণ ৰাখি ডেৰশ বছৰীয়া ৰঙালী বিহু সন্মিলনৰ কুকুৰা যুঁজ