যোৰহাট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান ৷ ক্ষান্ত হৈ বহি থকা নাই অসম আৰক্ষী ৷ য’তেই খবৰ পাইছে, তাতেই চলাই গৈছে অভিযান ৷ শেহতীয়াকৈ যোৰহাট চোলাধৰাত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে দুই সৰবাহকাৰীক ৷
যোৰহাট জিলা উপ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, এক বিশেষ সূত্ৰৰ যোগেদি সোমবাৰে নিশা হেৰ’ইন সৰবৰাহৰ বিষয়ে গম পায় ৷ তাৰ পাছতে যোৰহাট আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে যোৰহাট চোলাধৰা টি আৰ পি ৰোডৰ পৰা প্ৰায় ১কোটি টকাতকৈয়ো অধিক মূল্যৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । লগতে As-05 N 0929 নম্বৰৰ এখন মটৰচাইকেলেৰে অহা দুজন যুৱকক আৰক্ষীয়ে আটক কৰে ৷
যোৰহাট জিলা উপ আৰক্ষী অধীক্ষকে কয়, ‘‘মটৰচাইকেলেৰে গোলাঘাট পৰা যোৰহাট নগৰৰ দিশে আহি আচিল ধৃত দুই যুৱক ৷ ধৃত যুৱকদ্বয়ে হেৰ'ইনখিনি 17 টা সৰু কণ্টেনাৰত ভৰাই আনিছিল ৷ এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ কোটি টকাৰো অধিক হ'ব ৷’’
লগতে পঢ়ক : বৰপেটাত প্ৰায় আঢ়ৈ কোটি মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ
লগতে পঢ়ক : কাছাৰত ড্ৰাগছ বিৰোধী অভিযান: প্ৰায় ২ কোটি মূল্যৰ কফ চিৰাপসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী