Surprise Me!

আঁচনি আছে পানী নাই, ধোঁৱাচাঙত জল জীৱন মিছন

2026-06-06 34 Dailymotion

দক্ষিণ শালমাৰা মানকাচৰ: ধোঁৱাচাঙত চৰকাৰৰ জল জীৱন মিছন । বিগত ৬ মাহ ধৰি বন্ধ হৈ আছে দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ কোকৰাডাঙা পিডব্লিউএছএছ ।

সমগ্ৰ ভাৰত তথা অসমৰ প্ৰতিখন গাঁও আৰু দুৰ্গম অঞ্চলৰ নাগৰিকসকলে যাতে সহজে পৰ্যাপ্ত আৰু বিশুদ্ধ খোৱাপানী লাভ কৰে । তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন নামৰ অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । যাৰ লক্ষ্য আছিল গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়াল লৈ টেপ সংযোগৰ জড়িয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা ।  

কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ কোকৰাডাঙা পিডব্লিউএছএছ বিগত ৬ মাহ ধৰি বন্ধ হৈ থকাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে প্ৰায় ৫ শতাধিক পৰিয়াল । লগতে উক্ত আঁচনিৰ পানীৰ টেংকত লেতেৰা বস্তু পৰি থকা পৰিলক্ষিত হৈছে ।

উক্ত আঁচনিৰ দায়িত্বত থকা জল মিত্ৰ আফছাৰুল সেখে কয়,"এই আঁচনিখন প্ৰায় ৬ মাহ ধৰি বন্ধ হৈ আছে । ট্ৰান্সফৰ্মা বহুদিনৰ পৰা নষ্ট হৈ আছে । বিগত ৬ মাহ ধৰি বন্ধ হৈ আছে আৰু বহুত লেতেৰা হৈ আছে । মই বহু ঠাইত অভিযোগ দিছোঁ । ইয়াত প্ৰায় ৫ শতাধিকৰো অধিক পৰিয়াল আছে । আমাৰ ইয়াত ডিজি আছে কিন্ত তেল নাই । সেইকাৰণে বিগত ৬ মাহ ধৰি এই আঁচনি বন্ধ হৈ আছে আৰু ৰাইজে বিশুদ্ধ খোৱাপানী পোৱা নাই ।"

লগতে পঢ়ক: বেলিফুলে সলালে নগাঁৱৰ ৰাজপথৰ ৰূপ

ছাত্ৰই টিফিনত আনিলে গো-মাংস ! হুলস্থূল এখন বিদ্যালয়ত