ধেমাজি : হাতত কৰনি, কোৰ-বেলচা লৈ পকী ঘৰ নিৰ্মাণত ব্যস্ত এজাক মহিলা । বৰষুণকো কেৰেপ নকৰি প্ৰত্যেকগৰাকী মহিলাই ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সজুঁলি হাতত লৈ চিমেণ্ট-বালি মিশ্ৰণ প্ৰস্তুত কৰি ইটাৰে ঘৰ নিৰ্মাণ কৰা কামত ব্যস্ত হৈ পৰিছে ৷ 'লক্ষ্মী মিস্ত্ৰী প্ৰশিক্ষণ' আঁচনিত ধেমাজি মৰিঢল গাঁও পঞ্চায়তৰ অধীনত পকা মিস্ত্ৰী প্ৰশিক্ষণ গ্ৰহণ কৰি এতিয়া প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে বুধবাৰে হাতে কামে কাম-কাজ পৰিদৰ্শন কৰে ধেমাজিৰ মৰিঢলত মন্ত্ৰী অতুল বৰাই ৷
পৰিদৰ্শন কৰি তেওঁ কয়, "ৰাজ্যখনৰ পাঁচ হাজাৰ মহিলাই এনেধৰণে প্ৰশিক্ষণ লৈ আছে ৷ মোৰ খুব ভাল লাগিছে ৷ মোৰ দায়িত্ব লোৱা বেছি দিন হোৱাই নাই ৷ ধেমাজিলৈ আহি গম পালো যে ইয়াত এহেজাৰ মহিলাই ৰাজ মিস্ত্ৰীৰ প্ৰশিক্ষণ লৈ আছে ।"
তদুপৰি মহিলাক প্ৰশংসা কৰি আমাৰ মহিলাই একে ৰাতি ভিতৰতে কাপোৰ প্ৰস্তুত কৰি যুদ্ধলৈ আগবঢ়াই দিয়া উদাহৰণ আছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ পৰিদৰ্শন কালত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰকে ধৰি প্ৰশাসনৰ ভালেসংখ্যক লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: অসমীয়া যুৱক-যুৱতীৰ ভোকৰ ভাত কাঢ়ি নিছে কোনে ?
নিজ সমষ্টিৰ বাঁহৰ সাঁকো বগাই ৰাইজৰ দুৰ্দশাৰ বুজ ল'লে ফণীভূষণ চৌধুৰীয়ে