জোনাই: জোনাই সম-জিলাৰ বালিজান অঞ্চলৰ কাষেদি বৈ যোৱা শুকান নদীৰ গৰাখহনীয়াৰ বাবে আতংকত দিন কটাইছে নৈপৰীয়া ৰাইজ ৷ জানিব পৰা মতে, বছৰ পাছত বছৰ ধৰি শুকান নদীৰ গৰাখহনীয়াই বালিজান আৰু এক্স-আৰ্মী গাঁৱৰ বাসিন্দাসকলৰ নিদ্ৰা হৰণ কৰি আহিছে ।
ইতিমধ্যে নদীখনৰ বুকুত জাহ গৈছে বহু লোকৰ ঘৰ-ভেটি, কৃষিভূমি, বাট-পথকে ধৰি আন আন বহু মূল্যৱান সা-সম্পত্তি ৷
ইফালে একাংশ ভূ-মাফিয়াই জোনাই বনবিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি দিন-নিশাই নদীখনৰ বুকুত অবৈধ বালি খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
সেয়ে, স্থানীয় ৰাইজে জোনাই বনবিভাগৰ লগতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক অবৈধ বালি খননৰ সৈতে জৰিত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শুকান নদীৰ গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই মাজুলীত খহনীয়া ৰোধৰ বাবে আগবঢ়ালে ভোগ