Surprise Me!

চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা, এটা শ্ৰেণীকোঠাতে পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান

2026-06-23 23 Dailymotion

লাহৰীঘাট : এটাই শ্ৰেণীকোঠা, তাতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰা হয় ৷ ইফালে বিদ্যালয়খনত শিক্ষক মাত্ৰ দুজন, কিন্তু শিক্ষাৰ্থী আছে  ৪২ জন ৷ 

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শল'গুৰি ৰা-সূঁতি পাৰ প্ৰাথমিক বিদ্যালয়ৰ এই চৰম দুৰৱস্থা ৷ আন্তঃগাঁথনিৰ অভাৱত এটা শ্ৰেণীকোঠাতেই পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিবলগীয়া হৈছে ।

বিগত তিনি বছৰ এই ব্যৱস্থাৰে শিক্ষাদান চলি আছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষককে উল্লেখ কৰিছে ৷ লগতে প্ৰধান শিক্ষকজনে কয় যে, কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিলে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে ধন মোকলাই দিয়া নাই বুলি উল্লেখ কৰে ৷ 

ইফালে বিদ্যালয়খনৰ পৰিৱেশ দেখি শিক্ষাৰ্থীৰ অভিভাৱক আৰু সচেতন লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কণ কণ শিশুৰ ভৱিষ্যতক লৈ চৰকাৰে যি নীতি লৈছে সেয়া গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে কলিয়াবৰৰ এক দম্পতীৰ বিশেষ প্ৰয়াস