ধিং : মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মঙলবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰে ।
অসম চৰকাৰৰ কৃষি বিভাগৰ খেতি বচাও অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত ধিং সমষ্টিৰ পাঁচখন গাঁও পঞ্চায়তত এই বীজ বিতৰণ কৰা হয় ।
নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে ধিং সমষ্টিৰ এহেজাৰৰো অধিক প্ৰগতিশীল কৃষকক CR-307 আৰু CR-310 জাতৰ উন্নত ধানৰ বীজ প্ৰদান কৰা হয় । বিশেষভাৱে, এই ধানৰ জাতসমূহ মধুমেহ ৰোগীৰ বাবে তুলনামূলকভাৱে উপযোগী গুণসম্পন্ন বুলি কৃষি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ।
বীজ বিতৰণ অনুষ্ঠানৰ সমান্তৰালভাৱে এখন কৃষি সজাগতা সভাও অনুষ্ঠিত হয় ।
সভাত উপস্থিত থাকি বিধায়ক মেহবুব মুক্তাৰে আধুনিক আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কৃষকসকলক উন্নত বীজ, সঠিক কৃষি পৰিচালনা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ অধিক উৎপাদন লাভ কৰিব পাৰি, সেই বিষয়ে বিস্তৃতভাৱে অৱগত কৰে ।
লগতে পঢ়ক : কণীযুক্ত মাছ ধৰা-বিক্ৰীত নিষেধাজ্ঞা ধুবুৰী মীন বিভাগৰ