যোৰহাট : গুৱাহাটীৰ দৰে পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে নেকি যোৰহাট নগৰ ? কাৰণ মঙলবাৰে আবেলি ভাগত অহা এজাক বৰষুণতেই ডুবিল নগৰখনৰ টিআৰপি (TRP) ৰোড, ৰজামৈদাম, নিউ কল'নী, ক্লাব ৰোডকে আদি কৰি বিভিন্ন ঠাই আৰু পথ । ফলত সাধাৰণ পথচাৰীৰ পৰা আৰম্ভ কৰি ছাত্র-ছাত্ৰীলকৈ ভীষণ অসুবিধাৰ সন্মুখীন হয় আৰু যাতায়াতত সমস্যাত পৰে ।
যোৰহাটৰ কৃত্ৰিম বান আজিৰ সমস্যা নহয় । বিগত বছৰৰ পৰা উক্ত স্থানসমূহত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে । ফলত কৃত্ৰিম বান ৰোধৰ বাবে যোৰহাট পৌৰসভাই বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও উক্ত আঁচনি বা প্ৰকল্প ৰূপায়ণত দুৰ্নীতি হোৱাৰ অভিযোগ থকাৰ বাবে এই সমস্যা সমাধান হোৱা নাই বুলিও অভিযোগ উথাপিত হৈছে ।
লক্ষণীয় যে যোৰহাট পৌৰসভাই ছুপাৰ ছকাৰৰ জৰিয়তে যোৰহাট নগৰৰ বিভিন্ন নলাসমূহ পৰিষ্কাৰ কৰাইছিল আৰু ইয়াৰ বাবদ যোৰহাট পৌৰসভাই ২৭ লাখ টকাতকৈ অধিক ধন ৰাজকোষৰ পৰা উলিয়াই দিছিল । কিন্তু সমাধানহে নহ'ল কৃত্ৰিম বানৰ ।
ছুপাৰ ছকাৰৰ জৰিয়তে নলা নিষ্কাশনৰ নামত ব্যাপক হাৰত দুনীৰ্তি হোৱাৰ অভিযোগ তুলিছে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে । ছুপাৰ ছকাৰৰ জৰিয়তে নলা নিষ্কাশনৰ নামত যি ২৭ লাখ টকাতকৈ অধিক টকা উলিয়াই দিছিল, তাত যোৰহাট পৌৰসভাৰ গাণনিক,অভিযন্তা আৰু সভানেত্ৰী জড়িত থকাৰো তেওঁ অভিযোগ তোলে । সেয়েহে এই ক্ষেত্ৰত স্থানীয় বিধায়কে হস্তক্ষেপ কৰাটো প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :জাপানৰ প্ৰধানমন্ত্রীৰ অসম ভ্ৰমণ বাতিল : স্পষ্ট কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই