Surprise Me!

বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মথাউৰি নিৰ্মাণৰ আশ্বাস ডাঃ ৰণোজ পেগুৰ

2026-06-25 0 Dailymotion

ধেমাজি : শীঘ্ৰে ধেমাজি জিলাৰ লালুকীজানত নিৰ্মাণ হ'ব নতুন মথাউৰি । এই ঘোষণা ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । বৃহস্পতিবাৰে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে শেহতীয়াকৈ ধেমাজি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে । বানৰ লগতে জীয়াঢল নদীৰ খহনীয়াত প্ৰভাৱিত হৈছে কেইবাটাও অঞ্চল । জীয়াঢল গাঁও পঞ্চায়তৰ ধৰ্মপুৰ, কমলপুৰ, লালুকীজান, নেপালীগাঁৱকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে ৷ 

তাৰ মাজতে ডাঃ ৰণোজ পেগুৱে ধৰ্মপুৰস্থিত বান শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খবৰ লয় । সমান্তৰালভাৱে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰতুৱা বেতনিশূলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাসকলক তৎকালীনভাৱে ডিপিআৰ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে ।

পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় "জীয়াঢল নদীখন সঘনাই গতি সলনি কৰা এখন নদী ৷ জীয়াঢল নদীৰ দুয়োপাৰে আমাৰ প্ৰায়খিনি মথাউৰি হৈ গৈছে ৷ ইয়াত যি ঠাইত ছিগিছে । কমলপুৰ বুলি কয় ৷ এই কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি যোৱাবাৰেই আয়োজন কৰিছোঁ । ইয়াত এটা মথাউৰি লাগে ৷ এই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা প্ৰাককলন সকলো সম্পূৰ্ণ হ'ল ৷" বানপীড়িত অঞ্চল আৰু বান শিবিৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ আৰু কেইবাগৰাকী চৰকাৰী বিষয়া-কৰ্মচৰী উপস্থিত থাকে ৷

লগতে পঢ়ক :

এটা মথাউৰিয়ে টোপনি হৰিছে চিচিবৰগাঁওবাসীৰ