Surprise Me!

বনৰীয়া ম'হ খেদিবলৈ গৰজি উঠিল বনবিভাগৰ বন্দুক, বনৰীয়া ম'হৰ আক্ৰমণত দুজন আহত

2026-07-11 5 Dailymotion

ডিব্ৰুগড় : খোৱাঙত বনৰীয়া ম'হৰ সন্ত্ৰাস ৷ পথাৰত কৃষি কাৰ্যত ব্যস্ত থকা দুই কৃষকক আক্ৰমণ বনৰীয়া ম'হৰ ৷ ফলত খোৱাং নহাজাৰ ন-গাঁ‌ৱৰ ভৰত শইকীয়া আৰু শৰৎ শইকীয়া নামৰ লোক দুজন গুৰুতৰভাবে আহত হৈছে । 

আহত দুয়োজনকে ততাতয়াকৈ তিলৈৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত খোৱাং আঞ্চলিকৰ বনকৰ্মীৰ দল উপস্থিত হৈ ম'হটো বনাঞ্চললৈ খেদাৰ চেষ্টা কৰে যদিও সফল নোহোৱাত, ম'হটো খেদিবলৈ বনকৰ্মীয়ে ৭ জাইকৈ শূণ্যলৈ গুলী চালনা কৰিবলগীয়া হয় ৷ 

বনকৰ্ময়ে গুলী ফুটাই ম'হ খেলিবলৈ চেষ্টা কৰিছে যদিও ম'হটো বৰ্তমানে পথাৰৰ মাজতে আশ্ৰয় লোৱাত শংকিত হৈ পৰিছে ৰাইজ । ম'হটোৱে ভূই ৰোৱা পথাৰত দৌৰি ফুৰাত যথেষ্ট খেতি নষ্ট হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে ।

আহত এগৰাকী ব্যক্তিয়ে কয়,"বনৰীয়া ম'হ ওলোৱা খবৰটো ৰুৱনীসকল দিয়াৰ উদ্দেশ্যেৰে পথাৰলৈ গৈছিলো ৷ তেনেতে হঠাৎ ম'হটোৱে আহি আমাক আক্ৰমণ কৰে ৷ মানুহ দেখিলে খেদা মাৰি আহে ম'হটোৱে ৷"

লগতে পঢ়ক: হাতী-মানুহ সংঘাত ৰোধৰ ক্ষেত্ৰত লক্ষীপুৰৰ মডেল : ৰাজ্যৰ বাবে এক নতুন আশা