Surprise Me!

ড্ৰাগছ বিৰোধী সজাগতা সভা, অভিভাৱকলৈ বিশেষ আহ্বান

2026-07-17 1 Dailymotion

জনীয়া: ড্ৰাগছৰ কবলত পৰি ধ্বংসৰ দিশে আগবাঢ়িছে বহু যুৱক-যুৱতী । নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সমাজত বৃদ্ধি কৰিছে অপৰাধ, পাৰিবাৰিক অশান্তি আৰু সামাজিক অৱক্ষয় । এই ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কলগাছিয়াৰ বিলৰটাৰী বজাৰত অনুষ্ঠিত হয় এক ব্যাপক ড্ৰাগছ বিৰোধী সজাগতা সভা ।  

দেউকুৰা, মনাকচা, ডিমাপুৰ আৰু বিলৰটাৰী এই চাৰিখন গাঁৱৰ সমন্বয়ে গঠন হোৱা এণ্টি ড্ৰাগছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য আছিল সমাজৰ প্ৰতিজন লোকক ড্ৰাগছ, মদ, ভাং, জুৱা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ কুফল সম্পৰ্কে সজাগ কৰি তোলা । কমিটীৰ সভাপতি আবুল কাশেমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে ।  

সভাত উপস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নেকিব আহমেদে ড্ৰাগছৰ ভয়াবহ স্বাস্থ্যজনিত প্ৰভাৱ সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে । তেওঁ কয়,"নিচাজাতীয় সামগ্ৰীৰ আসক্তিয়ে মানসিক আৰু শাৰীৰিক স্বাস্থ্য ধ্বংস কৰাৰ লগতে বহু যুৱকৰ জীৱন অকালতে শেষ কৰি পেলাইছে । অভিভাৱকসকলে নিজৰ সন্তানৰ ওপৰত অধিক নজৰ ৰাখিব লাগিব ।"

লগতে পঢ়ক: মৰিগাঁৱত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা - GRAND RATH YATRA

পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু, ক্ষতিপূৰণৰ দাবীত মৃতদেহ লৈ পথ অৱৰোধ ৰাইজৰ - ROAD ACCIDENT IN MAKUM