Surprise Me!

বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ

2026-07-18 3 Dailymotion

মৰাণ: ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰা আলিকিনাৰ গাঁৱত কেইবা কোটি টকা মূল্যৰ ড্ৰাগছৰ লগতে নগদ ১৪ লাখ ৬ হাজাৰ ৬০০ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে ।  

টিংখাং আৰক্ষীয়ে মাহমৰা আলিকিনাৰ গাঁৱৰ মনোজ গগৈ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই তেওঁৰ বাসগৃহৰ পৰা এই নগদ ধন উদ্ধাৰ কৰে । লগতে ঘৰৰ পিছফালে ৰখা এখন বলেৰ’ পিকআপ বাহনত লুকুৱাই থোৱা অৱস্থাত ১.৫ কিলোগ্ৰাম ড্ৰাগছো উদ্ধাৰ কৰে । ১০৭ টা চাবোনৰ বাকচত ভৰাই কেইবা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি কৌশলেৰে লুকুৱাই থৈছিল  ।

 অৱশ্যে আৰক্ষীৰ এই অভিযানৰ উমান পাই মূল অভিযুক্ত মনোজ গগৈয়ে ঘৰৰ পৰা পলায়ন কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে । 

লগতে পঢ়ক:ড্ৰাগছ বিৰোধী সজাগতা সভা, অভিভাৱকলৈ বিশেষ আহ্বান

৮ কোটি টকা মূল্যৰ য়াবা টেবলেটসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী