Surprise Me!

বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা

2026-07-29 0 Dailymotion

মৰাণ: বান বিভীষিকাৰ মাজতে চৰাইদেউ জিলাৰ ১ নং জজলীপুখুৰী গাঁৱত দিন দুপৰতে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । চৰাইদেউৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত জজলি পুখুৰী গাঁৱৰ অসীম লেখাৰু (৫৭) নামৰ লোকজনক লোৰ ৰডেৰে মৰিয়াই হত্যা কৰে সম্বন্ধীয় ভাতৃ বিপিন লেখাৰুৱে (৫০)।  

নিহতৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি মঙলবাৰে দিনত বিপিন লেখাৰুৰ ঘৰৰ পদূলিত দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পিছত বিপিনে ঘৰৰ পৰা এডাল লোৰ ৰড আনি অসীমক উপৰ্যুপৰি প্ৰহাৰ কৰে । এই আক্ৰমণত মূৰ, কাণ, হাত আৰু শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা অসীমক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাৰ পূৰ্বে তেওঁৰ মৃত্যু হয় ।  

এই ঘটনাৰ পাছতেই চেপন আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে । এই ঘটনাক লৈ মৃতকৰ পত্নীয়ে সংবাদ মাধ্যমত কয়, "বানত কঠীয়া মৰা বাবে মই কঠীয়া বিচাৰি গৈছিলো, সেই সময়তে তেওঁলোকৰ মাজত কাজিয়া হোৱাত বিপিন লেখাৰুৱে লোৰ ৰডেৰে আক্ৰমণ কৰাত তেওঁৰ মৃত্যু হয় । দুবছৰ পূৰ্বেও তেওঁ নিশা মাৰিবলৈ লৈছিল, ভতিজাকে বচাবলৈ যাওঁতে হাত ভাগিছিল । সৰু সৰু কথাতে প্ৰায় কাজিয়া হৈয়ে থাকে । এতিয়া চেপন আৰক্ষীয়ে বিপিন লেখাৰুক ধৰি আনিছে ।"

লগতে পঢ়ক:বন্ধ ঘৰৰ পৰা ওলাইছে দুৰ্গন্ধ, ঘৰৰ দৰ্জা ভাঙি হতবাক আৰক্ষী

অসমৰ বলিয়া বানত কোঙা লাখ লাখ গঞা, বহু গাঁৱৰ জঁকাটোহে ৰ’ল বানৰ শেষত