মাজুলী: বিগত কেইবাবছৰ ধৰি মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপ্ৰদৱ চলাই আহিছে । বনৰীয়া হাতীৰ এই বৃহৎ জাকটোৱে মাজুলীৰ বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভঙাৰ লগতে কৃষকৰ খেতি পথাৰত যথেষ্ট অনিষ্ট সাধন কৰি আহিছে ।
বনৰীয়া হাতীৰ এই অনিষ্টৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দক্ষিণ কৈৱৰ্ত গাঁৱৰ কৃষকসকলৰ লগতে গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ বুধবাৰে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ সমীপত ভোগ অৰ্পণ কৰাৰ লগতে এভাগি নাম অনুষ্ঠিত কৰে ।
তেওঁলোকে আশা কৰে গণেশ বাবাই তেওঁলোকৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব আৰু তেওঁলোকৰ খেতি পথাৰলৈ অহাৰ পথ পৰিহাৰ কৰি বেলেগ পথ বাচি ল’ব । যাৰ দ্বাৰা এই অঞ্চলৰ কৃষকসকল উপকৃত হ’ব ।
এজন লোকে কয়, ‘‘আজি আমি এই নামভাগ আগবঢ়াইছো ৷ গণেশ বাবাই আমাৰ এই আহ্বান নিশ্চয় শুনিব ৷’’
লগতে পঢ়ক : উজনি অসমত পুনৰ বানৰ আশংকা: নীপকোৱে আকৌ খুলি দিলে তিনিখনকৈ গেট