শিৱসাগৰ : উজনি অসমৰ বান বিভীষিকাৰ কথা নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই । ৰাজ্যৰ লগতে দেশ তথা বিদেশতো শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ শেহতীয়া বান পৰিস্থিতিয়ে সকলোকে মূক কৰি তুলিছে । লগতে সকলোৱে বানাক্ৰান্তসকলক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ হাত উজান দিছে ।
তাৰে মাজতে শনিবাৰে বানাক্ৰান্তসকলক সাহায্য আগবঢ়াবলৈ শিৱসাগৰত উপস্থিত হয় বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা । শিৱসাগৰলৈ আহি বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে গ্ল'বেল শিখ নামৰ সংস্থাটোৰ সদস্যসকলৰ সৈতে বান সাহায্য আগবঢ়ায় ।
ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ আহি বলিউডৰ তাৰকাগৰাকীয়ে শিৱসাগৰ টাউন ৰে'লৱে ষ্টেচনত খাটপথাৰ অঞ্চলৰ বানাক্ৰান্তসকলক নিজ হাতে এসাঁজ আহাৰ পৰিবেশন কৰে । আনহাতে, শিৱসাগৰৰ বান পৰিস্থিতিক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰি বানাক্ৰান্তসকললৈ সমবেদনা প্ৰকাশ কৰাৰ লগতে দুৰ্গতসকলক সহায়ৰ বাবে সকলোলৈকে আহ্বান জনায় ।
তেওঁ কয়, "মই বহু সময়ৰ পৰা টিভিত দেখি আছিলোঁ যে কি হৈ আছে । মই গ্ল'বেল শিখ অৰ্গেনাইজেচনৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ আছোঁ । দলটো এসপ্তাহ পূৰ্বেই ইয়ালৈ আহিছে । তেওঁলোকে উদ্ধাৰ অভিযানৰ লগতে প্ৰাথমিক প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰি আছে । আজি মই তেওঁলোকৰ সৈতে আহিছোঁ আৰু পৰিস্থিত দেখি বহুত দুখ হৈছে । কিমান লোকচান হৈছে, কিমান পানী হৈছে, কিমান গাঁও ডুব গৈছে । সকলোৱে আগবাঢ়ি আহি সহায় কৰিব লাগে আৰু মই গ্ল'বেল শিখৰ জৰিয়তে ইয়ালৈ আহি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰিছেঁ ।"
লগতে পঢ়ক :বানপীড়িত ৰাইজক সহায় কৰিবলৈ ডিব্ৰুগড়ত জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা