নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই নিজৰ ঘৰতে প্ৰস্তুত কৰি অনা বিছনা যোগান ধৰি বন্যাৰ্তক সহায়ৰ হাত আগবঢ়াইছে । হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্ব’নৰ সহায়ত দেৱব্ৰত শইকীয়াই এইদৰে নাজিৰাবাসীৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছে । ইফালে নাজিৰাৰ বিস্তৃৰ্ণ অঞ্চলত বৰ্তমানলৈকে পলস কমা নাই । প্ৰায় প্ৰতিটো ঘৰৰ পৰা পলস উলিয়াই, ঘৰ চাফা কৰাত বানাক্ৰান্তক সহায় কৰাৰ ক্ষেত্ৰত দেৱব্ৰত শইকীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷