Surprise Me!

বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

2026-08-13 2 Dailymotion

শিৱসাগৰ : শেহতীয়াকৈ বানে বিধ্বংসী ৰূপ ধাৰণ কৰা উজনি অসমৰ বানাক্ৰান্তক দেশৰ বিভিন্ন প্ৰান্তৰ লোকে সহায়ৰ হাত আগবঢ়াইছে । স্বেচ্ছাসেৱী সংগঠন, ইউটিউবাৰ, বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলেও উজনি অসমলৈ আহি বানাক্ৰান্তক সাহায্য বিতৰণ কৰিছে । 

তাৰ মাজতে ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা অহা এটা দলো শিৱসাগৰত উপস্থিত হৈছে । ৰাজস্থানৰ পৰা অহা ছাত্ৰৰ দলটোৱে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তৰ মাজত খাদ্য আৰু ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে । 

ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিৰ্মল চৌধুৰীৰ নেতৃত্বত অহা দলটোৱে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰীবোৰ বিতৰণ কৰে ।

নিৰ্মল চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত শেহতীয়াকৈ জিলাখনত হৈ যোৱা ভয়ংকৰ বানৰ পাছৰ পৰিস্থিতি দেখি গভীৰ দুখ প্ৰকাশ কৰে । চৌধুৰীয়ে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক বানপীড়িতসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াবলৈও আহ্বান জনায় । 

তেওঁ কয়, "যিমান সংখ্যক লোকলৈ সহায় আগবঢ়াব পাৰো আমি চেষ্টা কৰিলোঁ । আমি চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছোঁ এই লোকসকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, আগৰ অৱস্থালৈ কেনেকৈ ঘূৰাই আনিব পাৰি সেয়া প্ৰয়াস কৰিব লাগে । চৰকাৰে আগন্তুক দিনত কেনেদৰে এই পৰিস্থিতিৰ পৰা লোকসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব সেয়া এই লোকসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে কৰিব লাগে ।"

লগতে পঢ়ক :

বন্যাৰ্তক সহায় কৰিবলৈ ১৫ আগষ্টত অনশনত বহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ